নিউজ ডেক্স:
‘মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া’ খিতাপ অৰ্জন কৰিলে ভাৰতীয় বংশোদ্ভৱ যুৱতীয়ে৷ এইবাৰ ‘মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া’ খিতাপৰ অধিকাৰী হ’ল মেলবৰ্ণত জন্মগ্ৰহণ কৰা মাৰিয়া থাটিল। উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পাঁচ তাৰকা হোটেল ছোফিটেল মেলবৰ্ণ অন কলিন্সত এইবাৰ প্ৰথম ভাৰ্চুৱেলি ‘মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া’ প্রতিযোগিতা অনুষ্ঠিত হয়৷
মহামাৰী কৰ’না ভাইৰাছৰ বাবে প্ৰতিযোগিতাখন ভাৰ্চুৱেলি আয়োজন কৰে৷ মুঠ ২৬ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ প্ৰতিযোগীসকলৰ মাজৰ পৰা ‘মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া’ অৰ্জন কৰে মাৰিয়াই৷
উল্লেখ্য যে মাৰিয়া হ’ল এগৰাকী মেক-আপ শিল্পী। তেওঁ সামাজিক মাধ্যমত মেক-আপৰ বিভিন্ন প’ষ্ট দি আহিছে৷ ৯০ দহকত তেওঁৰ পিতৃ-মাতৃ ভাৰতৰ পৰা মেলবৰ্ণলৈ গৈছিল৷ ভাৰ্চুৱেল ইভেণ্টৰ শেষত মাৰিয়াক মুকুট পিন্ধাই ২০১৯ চনৰ ‘মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া’ খিতাপ অৰ্জন কৰা প্ৰিয়া ছেৰাই৷ প্ৰিয়াও ভাৰতীয় বংশোদ্ভৱ৷











