ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাত আজিৰ খেলত পাকলাৰ এফচিৰ হাতত ছিংলুং এফচি ৩-০ গ’লৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লগীয়া হয় ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ৩ বজাত ডিফুৰ ‘কাছা’ ৰ অত্যাধুনিক খেলপথাৰত অনুষ্ঠিত তীব্ৰ প্ৰতিধ্বন্দিতামূলক খেলত মৰণপণ যুঁজ দিও পাকলাৰ এফচিৰ দূৰ্দান্ত প্ৰদৰ্শনৰ আগত পৰাজিত হয় ছিংলুং এফচি ৷
প্ৰথমাৰ্দ্ধৰ ৩৩ মিনিটত পাকলাৰ এফচিৰ হৈ ছিংলুং এফচিৰ নেটত প্ৰথমটো গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে ১০ নম্বৰ জাৰ্চি পৰিহিত গ্ল’ৰিণা ইংতিপীয়ে ৷ ইয়াৰ পিছত দ্বিতীয়াৰ্দ্ধত পাকলাৰ এফচিৰ হৈ পুণৰ ১৮ নম্বৰ জাৰ্চী পৰিহিত খেলুৱৈ প্ৰিমা হাঞ্চেপীয়ে ক্ৰমে , ৩৬ মিনিট, আৰু ৫৮ মিনিটত দুটাকৈ গ’ল দি পাকলাৰ এফচিক ৩-০ গ’লত বিজয়ী সাব্যস্থ কৰায় ৷ ৰূপকণ ছিঙে পৰিচালনা কৰা খেলখনত লাইনত সহায় কৰে ক্ৰমে,বিজয় ৰংহাঙ আৰু ৰামু ইংহিয়ে৷ চতুৰ্থ ৰেফাৰী দায়িত্ব পালন কৰে আৰউইনচন কিলিঙে ৷













