ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : শেহতীয়াকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ।
আজি দিনৰ প্ৰায় ১২ বজাত বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভালেসংখ্যক কৰ্মীয়ে বকলীয়াঘাট নগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ফটো আৰু শ্ল’গান সম্বলিত প্লে কাৰ্ড হাতে হাতে লৈ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায় ।
মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।













