![]()
নিউজ ডেস্কঃ
দেশত প্ৰচলিত টেলি যোগোযোগ ব্যৱস্থাৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়টোক সুনিশ্চিত কৰাই যে চৰকাৰৰ প্রধান লক্ষ্য সেয়া পুনৰ এবাৰ বুজাই দিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ে। তাৰ বাবে উন্নততৰ ফাইভ-জি নেটৱর্কৰ যোগাযোগ ব্যৱস্থাত কোন কোন দেশৰ টেলিকম কোম্পানীক প্রৱেশৰ অনুমতি দিয়া হ’ব সেয়া ভালদৰে পৰীক্ষা কৰি চোৱা হৈছে। আৰু সেয়ে ভাৰতত ফাইভ-জি নেটৱর্কৰ যোগাযোগ ব্যৱস্থাৰ ট্রায়েলত চীনা টেলিকম কোম্পানীবোৰক অংশ ল’বলৈ দিয়া হ’বনে নাই সেই ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
নেচনেল ডিফেন্স কলেজৰ এক অনুষ্ঠানত শুক্রবাৰে কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই কয়, ‘‘দেশত ফাইভ-জি নেটৱর্ক আৰম্ভৰ ট্রায়েলত কোন কোন বিদেশী কোম্পানীক অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব তাক লৈ চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। আলোচনা চলিছে। সকলোবোৰ ভালদৰে পৰীক্ষা কৰি চোৱা হৈছে। অনুসন্ধান কৰা হৈছে। কাক সেই ট্রায়েলত অংশগ্ৰহণ কৰিব দিয়া হ’ব, কাক কেতিয়াৰ পৰা অংশগ্ৰহণৰ অনুমতি দিয়া হ’ব এই সকলোবোৰ এতিয়া আলোচনাৰ স্তৰত আছে।’’
ইয়াৰ পিছতে তেওঁক প্রশ্ন কৰা হয় যে সেই ট্রায়েলত চীনা টেলিকম কোম্পানীবোৰক অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব নে নাই। উত্তৰত কেন্দ্রীয় গৃহ সচিবগৰাকীয়ে জনায় যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।











