নিউজ ডেক্স:
প্ৰায় প্ৰতিগৰাকী ছোৱালীৰ প্ৰিয় খাদ্যৰ ভিতৰত এবিধ হৈছে “ফুচকা”। য’তেই যেনেদৰে নহওঁক কিয় নাৰীবোৰে যেন এক বিশেষ টান অনুভৱ কৰে এই “ফুচকা” ক লৈ। এই ফুচকাক লৈ ওলোৱা বিভিন্ন খবৰে আচলতে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে।
কিন্তু, এইবাৰ মুম্বাইৰ কোলাপুৰত ঘটিল এক আজৱ কাণ্ড; শুকুৰাবাৰে সন্ধিয়া ফুচকা বেপাৰীয়ে কৰা এক অসৎ কাণ্ড ধৰা পৰে কেমেৰাত। ভিডিঅ’টোত দেখা যায় যে ফুচকাত ব্যৱহৃত তেতেলী পানীৰ বাবে বিক্ৰেতা গৰাকীয়ে ব্যৱহাৰ কৰিছে ৰাজহুৱা শৌচাগাৰৰ পানী। এই ভিডিঅ’টোৱে বৰ্তমান চচিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে বহু লোকে আহি মাৰ-ধৰ কৰে বিক্ৰেতা গৰাকীক। উল্লেখ্য যে, এই ফুচকা গাড়ীখনত লিখা আছিল ‘মুম্বাই কে স্পেচিয়েল পানীপুৰী ৱালা’- সমগ্ৰ এলেকাত অত্যন্ত জনপ্ৰিয় এইখন ফুচকাৰ দোকান। কিন্তু এতিয়া এইখন দোকানৰে বিক্ৰেতাই ফুচকা প্ৰস্তুত কৰিবলৈ ৰাজহুৱা শৌচাগাৰৰ পানী ব্যৱহাৰ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।











