নিউজ ডেক্স:
ৰিপাব্লিক টিভিৰ প্রধান সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে স্বাধিকাৰ ভঙ্গৰ প্রস্তাৱৰ পৰিপ্রেক্ষিতত মহাৰাষ্ট্র বিধানসভাৰ সচিবলৈ জাননী প্ৰেৰণ কৰিলে ছুপ্রিম কোর্টে। স্বতঃপ্রণোদিত গোচৰত ছুপ্রিম কোর্টৰ পর্যবেক্ষণ, যোৱা ১৩ অক্টোবৰত বিধানসভাৰ সচিবে অর্ণৱ গোস্বামীলৈ যি পত্ৰ লিখিছিল সেয়া আদালত অৱমাননাত অন্তৰ্ভুক্ত।
উল্লেখ্য যে অর্ণৱৰ বিৰুদ্ধে মহাৰাষ্ট্র বিধানসভাত এটি স্বাধিকাৰ ভঙ্গৰ অভিযোগ উঠিছিল। তাৰ পৰিপ্রেক্ষিততে জাননী পঠোৱা হয় তেওঁলৈ। সেই জাননীক প্ৰত্যাহ্বান জনাই অর্ণৱ গোস্বামী আদালতৰ দ্বাৰস্থ হয়।
ইয়াৰ ফলতেই বিধানসভাৰ সচিবালয়ৰ তৰফৰ পৰা তেওঁলৈ পত্ৰখন প্ৰেৰণ কৰা হৈছিল। ছুপ্রিম কোর্টৰ প্রধান ন্যায়াধীশ এছ এ বোবডেৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে আজি এই ঘটনাত অসন্তোষ প্রকাশ কৰি কয়, ‘কোনো ব্যক্তিক আদালতৰ দ্বাৰস্থ নহ’বৰ বাবে ভাবুকি দিয়াৰ সাহস কেনেদৰে হয়!’
উল্লেখ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে আৰু ৰাজ্যিক আইনসভা (বিধানসভা আৰু বিধান পৰিষদ)ৰ বিৰুদ্ধে অর্ণৱ গোস্বামীয়ে কিছু আপত্তিকৰ আৰু অসত্য মন্তব্য কৰিছিল বুলি অভিযোগ। তাৰ ফলতেই স্বাধিকাৰ ভঙ্গৰ প্রস্তাৱ আহিছিল। অর্ণৱলৈ পঠিওৱা ৬০ পৃষ্ঠাৰ জাননীত এই বিষয়ত কৈফিয়ৎ তলৱ কৰিছিল ৰাজ্যিক বিধানসভাই।
প্রধান ন্যায়াধীশৰ নেতৃত্বাধীন তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে বিধানসভাৰ সচিবৰ পত্ৰ সম্পর্কে বিস্ময় প্রকাশ কৰি কয়, ‘পত্ৰৰ ভাষাত স্পষ্টকৈ বুজা গৈছে, এই ক্ষেত্রত উদ্দেশ্য আছিল ভয় দেখুওৱা।
সংবিধানৰ ৩২ নম্বৰ অনুচ্ছেদ অনুযায়ী যিকোনো নাগৰিকৰ আদালতৰ দ্বাৰস্থ হোৱাটো মৌলিক অধিকাৰ’। উল্লেখ্য যে অৰ্ণৱ গোস্বামী আত্মহত্যাত প্ৰৰোচনা গোচৰত ন্যায়িক জিম্মাত থকাৰ বাবে তেওঁৰ হৈ পত্নীয়ে আদালতত আজি শপতনামা দাখিল কৰে৷











