নিউজ ডেস্কঃ
পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলএচি) ভাৰতীয় আৰু চীনা সেনাৰ মাজত বৃহত্তম সঙ্ঘাতৰ সম্ভাৱনাৰ কথা জনালে চিফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাতে। তাৰ লগতে তেওঁৰ অভিযোগ, পাকিস্তানৰ সৈতে চীনে হাত মিলোৱাৰ ফলত আঞ্চলিক স্থিতিশীলতা নষ্ট হোৱাৰ আশঙ্কাই দেখা দিছে।
উল্লেখ্য যে আজি পুৱাৰে পৰা লাডাখ পৰিস্থিতিক লৈ দুই সেনাৰ ক’ৰ কমাণ্ডাৰ স্তৰৰ অষ্টম পৰ্যায়ৰ বৈঠক আৰম্ভ হৈছে। এই বৈঠকত প্রথমবাৰ ভাৰতীয় প্রতিনিধি দলক নেতৃত্ব দিছে ১৪ নম্বৰ ক’ৰৰ নতুন কমাণ্ডাৰ, লেফটেনেণ্ট জেনেৰেল পি জি কে মেননে। ইয়াৰ পূৰ্বে সাতবাৰ এই বৈঠকত ১৪ নম্বৰ ক’ৰৰ কমাণ্ডাৰ পদত মেননৰ পূর্বসূৰী লেফটেনেণ্ট জেনেৰেল হৰেন্দ্র সিং উপস্থিত আছিল। যোৱা ১৪ অক্টোবৰত সপ্তম পৰ্যায়ৰ বৈঠকত হৰেন্দ্র সিঙৰ সহকাৰী হিচাবে বৈঠক উপস্থিত আছিল মেনন। তাৰ উপৰি, আজিৰ বৈঠকত কেন্দ্রৰ এজন অসামৰিক বিষয়াইও যোগ দিয়ে।