![]()
নিউজ ডেস্কঃ
জম্মু আৰু কাশ্মীৰৰ পুলৱামা জিলাত যোৱানিশা নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷
বিশ্বস্ত সূত্ৰে খবৰ লাভ কৰি নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সন্ধানত লালপোৰা এলেকাত অভিযান চলাই থকা অৱস্থাত অতৰ্কিতে সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত দুজন নিৰাপত্তাৰক্ষী আহত হয় আৰু আহত দুজনক ততালিকে নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
নিহত সন্ত্ৰাসবাদীটো কোনটো গোটৰ আৰু আচল পৰিচয় কি অদ্যাপি জানিব পৰা হোৱা নাই বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷











