![]()
নিউজ ডেস্কঃ
আন্তর্জাতিক মহলত চৰ্চা চলিছে, ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে অহা বছৰ ৰাষ্ট্রপতি পদ ত্যাগ কৰিব পাৰে। জানিব পৰা মতে, ২০২১ চনৰ জানুৱাৰী মাহতে ৰাষ্ট্রপতি পদ ত্যাগ কৰিবলৈ আগবাঢ়িছে ভ্লাদিমিৰ পুটিন।
সম্প্রতি এক ফুটেজত প্ৰকাশ পোৱা কিছু দৃশ্যৰ পিছতেই পুটিনৰ পদত্যাগৰ বিষয়টো পোহৰলৈ আহিছে। ফুটেজত দেখা গৈছে, পুটিন ক্রমশঃ দুর্বল হৈ পৰিছে। তেওঁৰ চকু অস্থিৰ আছিল। এটি কাপ ধৰাৰ সময়ত ৰাছিয়ান সম্ৰাট পুটিনৰ হাতো কঁপিছিল।
জটিল ৰোগত আক্ৰান্ত পুটিন
সূত্রৰ খবৰ অনুসৰি, ৰাছিয়ান ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিন পাৰকিনছন ৰোগত ভুগিছে কেইবা দিনো ধৰি। বর্তমান তেওঁৰ ৰোগ ক্রমাৎ বাঢ়িছে।
এৰিব পাৰে ৰাষ্ট্রপতি পদ
ভ্লাদিমিৰ পুটিনৰ ৰাষ্ট্রপতি পদ এৰাৰ বিষয়টো এনে সময়ত প্রকাশ্যে আহিছে, যিসময়ত তেওঁৰ সন্মুখত প্রতিদ্বন্দ্বী কোনো নাই। বিগত সপ্তাহতেই পুটিনৰ ফলাৰ পৰা এনে এটি প্রস্তাৱ আহে, যাক গৃহীত কৰাব পাৰিলেই আজীৱন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থকাৰ পৰা তেওঁক কোনেও আঁতৰাব নোৱাৰে। কিন্তু এনে সময়ত শাৰীৰিক অসুস্থতাৰ কাৰণে পদত্যাগৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে ৰাছিয়ান ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিন।











