![]()
নিউজ ডেস্কঃ
কেইদিনমানৰ ভিতৰতে তামিলনাডুত ফেণ্টাচি এপৰ মাধ্যমেৰে টকা লোকচানৰ পিছত কেইবাজনো লোকে আত্মহত্যা কৰিছে। যাৰবাবে চেন্নাইৰ মহম্মদ ৰিজভি নামৰ এজন অধিবক্তাই অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা দাবী কৰি আবেদন কৰিছিল। যাৰ ফলত বিৰাট কোহলি আৰু সৌৰভ গাঙ্গুলীলৈ কোর্টে জাননী পঠাইছে। এই গোচৰত কোর্টে আবেদন গ্ৰহণ কৰি শুনানিত মাদুৰাই খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ এন কিৰুবাকৰন আৰ বি পুগলেন্ধীয়ে এই এপৰ বিজ্ঞাপন কৰা অভিনেতা প্রকাশ ৰাজ, তমান্না ৰাণে, সুদীপ খানৰ দৰে তাৰকাসকললৈও জাননী প্ৰেৰণ কৰিছে।
কোর্টে যিকেইজন চেলিব্রিটিলৈ জাননী পঠাইছে তেওঁলোক সকলোৱেই ১৯ নৱেম্বৰৰ ভিতৰত কোর্টক উত্তৰ দিব লাগিব। কোর্টে জনাইছে যে এপৰ মালিকে চেলিব্রিটিসকলৰ নাম ব্যৱহাৰ কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে। এতিয়া এইটো লক্ষণীয় হ’ব যে বিৰাট কোহলি আৰু সৌৰভ গাঙ্গুলীয়ে কোর্টক কি উত্তৰ দিয়ে।













