নিউজ ডেস্কঃ
গোৱাত অশ্লীল ভিডিও শ্বুটিং কৰাৰ অভিযোগত অৱশেষত আটক কৰা হ’ল ছচিয়েল মিডিয়া ছেনছেচন পুনম পাণ্ডেক। গোৱা ফৰওয়ার্ড পার্টিৰ মহিলা শাখাৰ তৰফৰ পৰা পুনমৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। তাৰ ভিত্তিতেই গ্রেপ্তাৰ কৰা হয় অভিনেত্রীগৰাকীক।
গোৱা ফৰওয়ার্ড পার্টিৰ উপ-সভাপতি দুর্গাদাস কামাতৰ অভিযোগ, চাপোলি বান্ধত ‘পর্ন ভিডিও’ শুট কৰিছে পুনমে। উক্ত স্থান জলসম্পদ বিভাগৰ নিয়ন্ত্রণাধীন। এন্টাৰটেইনমেন্ট ছছাইটি অব গোৱাই মূলতে তাত শ্বুটিঙৰ অনুমতি দি থাকে। কিন্তু কেনেদৰে সেই স্থানত এনে অশ্লীল শ্বুটিং কৰাৰ অনুমতি দিয়া হ’ল সেই প্রশ্নও কৰে ফৰওয়ার্ড পার্টিৰ উপ-সভাপতিগৰাকীয়ে। লগতে প্ৰশ্ন কৰে, দিনে দিনে গোৱাক কি নীলা ছবি নিৰ্মাণৰ স্থান কৰি তোলাৰ চেষ্টা হৈছে নেকি? এই ঘটনাৰ পৰিপ্রেক্ষিতত গোৱাৰ মুখ্যমন্ত্রী আৰু জলসম্পদ বিভাগৰ মন্ত্রীৰ পদত্যাগো দাবী কৰে।