নিউজ ডেস্কঃ
কৰ’না প্ৰতিৰোধৰ ১০ গুণ বেছি শক্তিশালী ভেকছিন আবিষ্কাৰ কৰিছে আমেৰিকাই৷ আমেৰিকাৰ গৱেষকে কৰ’না সংক্রমণ ৰোধ কৰিবলৈ শক্তিশালী ক’ভিড-১৯ ভেকছিন কেণ্ডিডেট আবিষ্কাৰ কৰিছে৷ গৱেষকসকলে জনায় যে অতি শক্তিশালী এই ভেকছিন কেণ্ডিডেট কম ডোজ ব্যৱহাৰ কৰা হ’লেও তাৰ ১০ গুণ বেছি ক্ষমতাসম্পন্ন। এই লৈ ছায়ণ্টিফিক জাৰ্ণেল ‘ছিল’ত তেওঁলোকৰ গৱেষণাপত্ৰ প্ৰকাশ হৈছে৷
জানিব পৰা মতে মানৱ দেহত এই পৰ্যন্ত ভেকছিনটো পৰীক্ষা কৰা নাই৷ এই ভেকছিনটোৰ গৱেষণাত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অব মেডিচিন বিভাগৰ বিজ্ঞানীও জড়িত আছে৷ গৱেষকসকলে জনায় যে এই ভেকছিন এন্দুৰৰ শৰীৰত দিয়া হৈছে৷ তাৰ পৰা ডাঙৰ সুফল লাভ কৰা হৈছে৷ ভৱিষ্যতে কৰ’না ৰোধত এক বৃহৎ সাফল্য হিচাপে পাইছে গৱেষকসকলে৷











