![]()
নিউজ ডেস্কঃ
ফ্রান্সৰ পৰা বুধবাৰে পুৱা যাত্ৰা আৰম্ভ কৰি সম্পূৰ্ণ ৭,০০০ কিলোমিটাৰ উড়ানৰ শেষত ভাৰতত উপস্থিত হ’ল ৩খন ৰাফেল। ভাৰতীয় বায়ুসেনাই জনোৱা মতে, গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত নামে এই ফৰাচী যুদ্ধবিমানকেইখন।
উল্লেখ্য, যোৱা ২৯ জুলাইত ভাৰত আহি পাইছিল প্রথম ৫খন ৰাফেল। অহাৰ পথত সংযুক্ত আৰব আমিৰশাহিৰ আল-ধাফৰা বিমানঘাটিত নামিছিল। তাত বিমানকেইখনত ইন্ধন ভৰোৱা হৈছিল। প্রথম পৰ্যায়ত অহা ৫খন বিমানক হাৰিয়ানাৰ আম্বালা বিমানঘাটিস্থিত ‘গল্ডেন এৰ’ (১৭ নম্বৰ) স্কোৱাড্রন’ৰ অন্তর্ভুক্ত কৰা হয়। অস্ত্রসজ্জাৰ কাম শেষ হোৱাৰ পিছত যোৱা ১০ ছেপ্টেম্বৰত সেইকেইখনে আনুষ্ঠানিকভাবে ভাৰতীয় বায়ুসেনাত যোগ দিয়ে। ভাৰতীয় বায়ুসেনা সূত্রৰ খবৰ মতে, দ্বিতীয় পৰ্যায়ত অহা ৩খন ৰাফেলো আম্বালাৰ এই স্কোৱাড্রনৰ অন্তর্ভুক্ত হ’ব।











