ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱন অৱৰক্ষণ সমিতি, জনজাতি কল্যাণ গবেষণা কেন্দ্ৰ আৰু ডিফু সাহিত্য সভাৰ উদ্যোগত বৰেণ্য বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপনৰ আয়োজন কৰা হৈছে।
পূৱা ৯.০০ বজাত পতাকা উত্তোলন, স্মৃতি তর্পণ। বিয়লি ২.০০ বজাৰ পৰা ড৹ হাজৰিকাৰ কর্মময়, বর্ণিল জীৱনৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান আৰু ভূপেন্দ্ৰ সংগীতানুষ্ঠান। এই অনুষ্ঠানত কাৰবি লাম্মেত আমেইৰ সভাপতি সিদ্ধিনাথ ৰংপি, কাৰবি কালচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্র, কাব্য কমল সন্মানেৰে বিভূষিত বিশিষ্ট কবি সাহিত্যিক ছাৰএৎ হাঞ্চে, জনপ্ৰিয় শিল্পী ছেমছন ইংতি, প্লাৱিতা শইকীয়া, মানাই হাঞ্চেপী শিল্পীয়েও অংশ গ্ৰহণ কৰিব।
সেয়েহে, ৰাংছিনা ভৱন অৱৰক্ষণ সমিতি, জনজাতি কল্যাণ গবেষণা কেন্দ্ৰ আৰু ডিফু সাহিত্য সভাৰ মাননীয় সকলো সদস্য আৰু সদস্যা সকলক অংশ গ্ৰহণ কৰিবৰ বাবে অনুৰুধ জনায় সম্পাদক জয়ছিং টকবি’য়ে













