![]()
নিউজ ডেস্কঃ
ক’ৰোণা ৰোগীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ দীপাৱলীত ফটকা ব্যৱহাৰ কৰিব নোৱাৰাৰ লগতে বিক্ৰীও কৰিব নোৱাৰিব। কিন্তু এই সিদ্ধান্ত অসমৰ বাবে নহয়, এনে সিদ্ধান্ত গ্ৰহণ কৰিছে উৰিষ্যা আৰু ৰাজস্থান চৰকাৰে। ১০ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত ক’ৰোণা ৰোগীৰ স্বাস্থ্যৰ খাতিৰত ফটকা বা আটচবাজী ফুটাব নোৱাৰিব আৰু আনকি বিক্ৰী কৰাও নিষিদ্ধ কৰিছে চৰকাৰে।
ইয়াৰ উপৰিও, উৰিষ্যা আৰু ৰাজস্থান চৰকাৰে দীপাৱলীত কেৱল মাটিৰ চাকি আৰু মমবাতি জ্বলাবলৈ আহ্বান জনাইছে জনসাধাৰণক। সমান্তৰালকৈ পশ্চিম বংগ , হাৰিয়ানা আৰু দিল্লী চৰকাৰেও দীপাৱলীত এইবাৰ ফটকা ব্যৱহাৰ নিষিদ্ধ কৰিছে।











