![]()
নিউজ ডেস্কঃ
চীনা নৌ বাহিনীৰ আধিপত্য খর্ব কৰিবলৈ আৰু ভাৰত মহাসাগৰত আন্তর্জাতিক সমুদ্র আইন আৰু অবাধ যাতায়াত ব্যৱস্থা শক্তিশালী কৰিবলৈ এই সিদ্ধান্ত লৈছে জার্মান নৌ বাহিনীয়ে৷ সেয়ে এইবাৰ ভাৰত মহাসাগৰত তহল দিব জাৰ্মান যুদ্ধ জাহাজে৷
উল্লেখ্য যে চীন বিৰোধী এই জোঁটত চামিল হৈছে জাৰ্মানী৷ ফলত জাৰ্মানীয়েও আন চাৰিখন দেশৰ সামৰিক বাহিনীৰ সৈতে সমন্বয় ৰাখি চীন বিৰোধী গঢ়ি তুলিছে৷ ভাৰত চৰকাৰৰ আমন্ত্রণত এই সিদ্ধান্ত লৈছে জাৰ্মান চৰকাৰে৷ দক্ষিণ চীন সাগৰৰ দৰে ভাৰত মহাসাগৰত যাতে কোনো ধৰণৰ সংকট বা বিবাদ সৃষ্টি নহয় তাক নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লৈছে জাৰ্মানীয়ে ৷

উল্লেখ্য যে বিৰোধী সামৰিক জোঁট কোৱাড (চতুঃশক্তি জোঁট)ত আছে ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়া৷ জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী এনাগ্ৰেট ক্ৰাম্প-কাৰেনবাৱাই জনায়, কেইমাহ পাছৰ পৰা ভাৰতীয় নৌ বাহিনীৰ সৈতে সমন্বয় ৰক্ষা কৰি ভাৰত মহাসাগৰত তহল আৰু নজৰ দিব জার্মান নৌবাহিনীৰ ডেষ্ট্ৰায়াৰ আৰু ফ্রিগেটে৷











