ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কাৰ্বি আংলং জিলাৰ এগৰাকী বৰ্ষীয়ান শিক্ষাগুৰুৱে।
ছাত্ৰছাত্ৰীক শিক্ষাদানৰ নামতে জীৱন উছৰ্গা কৰা বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ গণিত, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত বকলীয়াঘাট আৰু ৰজাপথাৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰছাত্ৰীসকলক পাঁচ হাজাৰকৈ টকাৰে পুৰষ্কৃত কৰাৰ কথা ঘোষণা কৰিছে।
সম্প্ৰতি বকলীয়াঘাটৰ শ্ৰীমন্তশঙ্কৰদেৱ বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি থকা অধ্যক্ষগৰাকীয়ে আজি এক সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে । অৱশ্যে ।এই বঁটা লাভ কৰিবলৈ সংশ্লিষ্ট বিষয়ত কমেও ৮০ শতাংশ নম্বৰ লাভ কৰিব লাগিব বুলি অধ্যক্ষগৰাকীয়ে লগতে সদৰি কৰে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ছাত্ৰছাত্ৰীৰ কল্যাণৰ বাবে ৭২ বছৰ বয়সতো অক্লান্তভাৱে কাম কৰি অহা অধ্যক্ষগৰাকীয়ে নিজৰ মাহিলী পেঞ্চনৰ নামত লাভ কৰা ধনৰ প্ৰায় ছয় লক্ষাধিক টকা ব্যয় কৰি শ্ৰীমন্তশঙ্কৰদেৱ বিদ্যালয়ৰ শ্ৰেণীকোঠা, শিক্ষকৰ জিৰণি কোঠা, গ্ৰন্থাগাৰ, ভঁৰালগৃহ, বিদ্যালয়ৰ চৌহদত পকী পদপথ, শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ নিৰ্মাণ কৰি সামাজিক দায়ৱদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
লকডাউনৰ ফলত বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা শিক্ষানুষ্ঠানখনলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবেও অধ্যক্ষগৰাকীয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জলায় ।













