নিউজ ডেক্স:
ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অর্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰীত যেন কিছু স্বস্তি লাভ কৰিছে ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নায়কৰ পত্নী অক্ষতা আৰু জীয়ৰী আদনিয়াই।
বুধবাৰে দুপৰীয়া সাংবাদিকৰ আগত অক্ষতাই কয়, ‘আমি কোনোদিনে ২০১৮ চনটো পাহৰিব নোৱাৰো। ছুইচাইড নোটত মোৰ স্বামীয়ে তিনিজনৰ নাম উল্লেখ কৰিছিল।
কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল। মোৰ স্বামীৰ মৃত্যুৰ আঁৰত অর্ণৱ গোস্বামী আছে। প্রত্যেক ভাৰতীয়ৰ ওচৰত আমাৰ অনুৰোধ যেন কোনোৱে তেওঁৰ কাষত থিয় নহয়। মহাৰাষ্ট্র আৰক্ষীয়ে আমাৰ সুবিচাৰ কৰিছে।’
উল্লেখ্য যে দুবছৰ পুৰণি আত্মহত্যাত প্রৰোচনা কৰাৰ এটি গোচৰত বুধবাৰে পুৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰা হয়।











