![]()
নিউজ ডেস্কঃ
তৃতীয়বাৰৰ বাবে পুনৰ মার্কিন কংগ্রেছৰ নিম্নকক্ষ হাউছ অব ৰিপ্রেজেন্টেটিভছলৈ নির্বাচিত হ’ল ভাৰতীয় বংশোদ্ভৱ ৰাজা কৃষ্ণমূর্তি। ডেমোক্ৰেট দলৰ সদস্য তেওঁ।
৪৭ বছৰীয়া কৃষ্ণমূর্তিৰ জন্ম দিল্লীত। তেওঁৰ পিতৃ-মাতৃ তামিলনাডুৰ বাসিন্দা। প্রথমবাৰ ২০১৬ চনত হাউছ অব ৰিপ্রেজেন্টেটিভছলৈ নির্বাচিত হৈছিল তেওঁ। এইবাৰ লিবাৰটেৰিয়েল প্রার্থী প্রেষ্টন নেলছনক পৰাস্ত কৰে তেওঁ। মুঠ ভোটৰ ৭১ শতাংশ লাভ কৰিছে কৃষ্ণমূর্তিয়ে।
আৰু এগৰাকী ভাৰতীয় বংশোদ্ভৱ কংগ্রেছ সদস্য এমি বেৰাই কেলিফোর্নিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। চাৰিবাৰ বিজয়ী হৈছে তেওঁ। পঞ্চমবাৰ বিজয়ী হোৱাৰ অপেক্ষাত তেওঁ। কেলিফোর্নিয়াৰ পৰাই আৰু এজন ভাৰতীয় বংশোদ্ভৱ আৰ অ’ খান্নাইও প্ৰতিদ্বন্দ্বিতা কৰিছে। তৃতীয়বাৰ বিজয়ী হোৱাৰ অপেক্ষাত তেওঁ।
ৱাশ্বিংটন ষ্টেটৰ পৰা তৃতীয়বাৰ জয়ী হোৱাৰ অপেক্ষাত আছে প্রমীলা জয়পাল। এৰিজনাৰ ষষ্ঠ ষ্টেটৰ পৰা তৃতীয়বাৰ জয়ী হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ডাঃ হিৰাল তিপিৰনেনিয়ে। ভার্জিনিয়াৰ একাদশতম ষ্টেটত ডেমোক্ৰেট প্রার্থীক পিছ পেলাইছে ৰিপাব্লিকান দলৰ মাঙ্গা অনন্ততমুলাই।











