![]()
নিউজ ডেস্কঃ
কোভিড ৰোগীসকলক চিহ্নিতকৰণৰ বাবে তেওঁলোকৰ ঘৰৰ বাহিৰত কোনো পোষ্টাৰ লগোৱা নহ’ব। যিসকলৰ ঘৰত ইতিমধ্যে পোষ্টাৰ আছে, সেয়াও আঁতৰাই পেলোৱা হ’ব। এই মর্মে শীঘ্রেই চার্কুলাৰ জাৰি কৰিব দিল্লী চৰকাৰে। মঙ্গলবাৰে দিল্লী হাইকোর্টক এই কথা জনাইছে অৰবিন্দ কেজৰিৱালৰ চৰকাৰে।
উল্লেখ্য, কৰোনাত আক্রান্তসকলৰ চিহ্নিতকৰণৰ বাবে তেওঁলোকৰ ঘৰৰ বাহিৰত পোষ্টাৰ লগোৱাক লৈ তীব্র আপত্তি জনাই আদালতৰ দ্বাৰস্থ হৈছে দিল্লীৰ অধিবক্তা কুশ কালৰা। হাইকোর্টৰ ওচৰত দাখিল কৰা আবেদনত তেওঁৰ দাবী, দিল্লী চৰকাৰৰ এই ব্যৱস্থাই সংক্রমিতসকলৰ ব্যক্তিগত পৰিসৰত হস্তক্ষেপ কৰাৰ অন্তৰ্ভুক্ত। যিয়ে তেওঁলোকৰ এই অধিকাৰ (ৰাইট টু প্ৰাইভেচী) ভঙ্গ কৰিছে। আনকি, সংবিধানৰ ২১ নম্বৰ ধাৰাত জীৱন আৰু ব্যক্তি স্বাধীনতা সুৰক্ষিতৰ অধিকাৰতো আঘাত হানিছে।
আবেদনকাৰীৰ যুক্তি মানি লয় দিল্লী হাইকোর্টৰ ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ সুব্রমনিয়ম প্রসাদৰ খণ্ড বিচাৰপীঠে। আজি কেজৰিৱাল চৰকাৰক এই পোষ্টাৰ আঁতৰোৱাৰ বাবেও নির্দেশ দিয়ে আদালতে। লগতে প্রশাসনে যাতে সংক্রমিতসকলৰ পৰিচয় কোনো কাৰণতেই প্রকাশ নকৰে বা কোনো ছচিয়েল মিডিয়া গ্রুপত তাক বিয়পাই নিদিয়ে, সেই বিষয়তো ব্যৱস্থা গ্রহণ কৰিবলৈ কৈছে।
আবেদনকাৰী কুশ কালৰাই আদালতত জনাইছিল, ৰেছিডেন্ট ৱেলফেয়াৰ এছোচিয়েছনছ (আৰওএ’ছ)সহ বিভিন্ন ছচিয়েল মিডিয়া গ্রুপত কোভিড ৰোগীসকলৰ নাম বিয়পি পৰিছে। যাৰ ফলত তেওঁলোক সামাজিক কলঙ্কৰ মুখত পৰাৰ দৰে ঘটনাও ঘটিছে। আনকি, তেওঁলোক অহেতুক লোকচক্ষুৰ দৃষ্টিত আহি গৈছে। তেওঁৰ অনুৰোধ, “কোভিড-১৯ ৰোগীসকলক লোকচক্ষুৰ আঁৰত থাকি শান্তিত সুস্থ হৈ উঠাৰ সুযোগ দিয়া উচিত।”











