![]()
নিউজ ডেস্কঃ
জনপ্রিয় টিভি শ্ব’ ‘কৌন বনেগা ক্রৌড়পতি’ আৰু তাৰ সঞ্চালনকাৰী অমিতাভ বচ্চনৰ দুৰ্দিন। ক্ষোভত ফাটিছে শ্ব’টোৰ এটি প্রশ্নক কেন্দ্ৰ কৰি একাংশ। জনপ্রিয় টিভি শ্ব’ ‘কৌন বনেগা ক্রৌড়পতি’ৰ বিৰুদ্ধে অভিযোগ উঠিছে হিন্দু ধর্মৰ ভাবাৱেগত আঘাত হনাৰ। ইতিমধ্যে অমিতাভ বচ্চন আৰু শ্ব’টোৰ নির্মাতা ছনী টিভিৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল হৈছে লক্ষ্ণৌত।
লগতে শ্ব’ বয়কটৰো আহ্বান দিয়া হৈছে। বিতর্কৰ সূত্রপাত যোৱা শুক্রবাৰৰ ‘কৌন বনেগা ক্রৌড়পতি’ৰ খণ্ডটো সম্প্রচাৰ হোৱাৰ পিছত। ক্ষোভৰ সঞ্চাৰ হৈছে সিদিনা বিগ বিয়ে ৬ লাখ ৪০ হাজাৰ টকাৰ বাবে যিটো প্রশ্ন প্রতিযোগী অভিনেতা অনুপ ছোনি আৰু সমাজকর্মী বেজৱাদা উইলছনক সোধে তাক কেন্দ্ৰ কৰি। অমিতাভে প্রশ্নটি কৰিছিল, ১৯২৭ চনত ডঃ বি আৰ আম্বেদকাৰ আৰু তেওঁৰ অনুগামীসকলে এখন কিতাপৰ কিছু কপি পুৰি পেলাইছিল, সেই কিতাপখনৰ নাম কি? ‘মনুস্মৃতি’ আছিল তাৰ সঠিক উত্তৰ।
কিন্তু প্রতিযোগীয়ে সঠিক উত্তৰ দিয়াৰ পিছত তাৰ ব্যাখ্যা কৰিবলৈ গৈ মেগাষ্টাৰ অমিতাভ বচ্চনে কয়, প্রাচীন হিন্দু গ্রন্থখনৰ সমালোচনা কৰিছিল ডঃ বি আৰ আম্বেদকাৰে আৰু সেই গ্রন্থখনৰ বহুখিনি কপি পুৰি পেলাইছিল। নেটিজেনসকলৰ একাংশই এই প্রশ্ন আৰু মেগাষ্টাৰ অমিতাভ বচ্চনৰ ব্যাখ্যাক কেন্দ্ৰ কৰিয়েই প্রকাশ কৰিছে প্রবল অসন্তোষ।
কাৰোবাৰ মতে, ’হিন্দুবিৰোধী’ হিচাবে দেখুওৱা হৈছে ডঃ বি আৰ আম্বেদকাৰক, যিটো একেবাৰে সঠিক নহয়। কোনো কোনো আকৌ কটাক্ষ কৰি কৈছে শ্ব’টোৰ নাম সলনি কৰি ‘কৌন বনেগা কমিউনিষ্ট’ কৰিব লাগে।











