![]()
ক্ৰীড়া ডেস্কঃ
অসুস্থ বিশ্ব ফুটবল কিংবদন্তি ডিয়েগো মাৰাদোনা৷ ইতিমধ্যে বিশ্ব বিখ্যাত প্ৰাক্তন ফুটবলাৰজনক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ মানসিক অৱসাদৰ বাবে মাৰাদোনাক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে৷ ডিহাইড্ৰেছন আৰু ৰক্তহীনতাৰ সমস্যাত ভূগিছে মাৰাদোনা৷ সেয়ে ধাৰাবাহিক চিকিৎসাৰ প্ৰয়োজনত তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷ বুয়েনছ আয়াৰ্চৰ এখন চিকিৎসালয়ত মাৰাদোনাক ভৰ্ত্তি কৰে৷ যোৱা ৩০ অক্টোবৰত তেওঁৰ ৬০তম জন্মদিন পালন কৰা হৈছিল ৷ তেওঁ তেতিয়াৰ পৰা আইচলেচনত আছিল ৷

যিহেতু তেওঁৰ এজন কৰ্মী কৰ’নাত আক্ৰান্ত৷ সেইজন কৰ্মীৰ সংস্পৰ্শলৈ আহিছিল বিশ্ব বিখ্যাত ফুটবলাৰজন৷ সেয়ে তেওঁ আইচলেচনত থাকিব লগা হয়৷ সোমবাৰে মাৰাদোনাক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ অৱশ্যে চিকিৎসকৰ মতে তেওঁ কৰ’নাত আক্ৰান্ত হোৱা নাই৷ বিশ্ব খ্যাত ফুটবলাৰজন অসুস্থ হোৱাত ফুটবলপ্ৰেমীসকলে উদ্বেগ প্ৰকাশ কৰিছে৷ তেওঁৰ আশু আৰোগ্যৰ কামনা কৰিছে ফুটবলপ্ৰেমীসকলে৷













