![]()
নিউজ ডেস্কঃ
ট্রাম্প নে বাইডেন ? — কাক ৰাষ্ট্ৰপতি হিচাবে বিচাৰে সেয়া বেলট বাকচত বন্দী কৰিলে মাৰ্কিন নাগৰিকে। তাত লগতে উপ-ৰাষ্ট্ৰপতি কোন হ’ব, সেয়াও বন্দী হৈ আছে তাত।
ইফালে উপ-ৰাষ্ট্ৰপতি পদত কমলা হেৰিছক চাবলৈ বিচাৰি আজি পুৱাই পূজা সম্পন্ন হয় তামিলনাডুৰ এটা মন্দিৰত। উল্লেখ্য যে কমলাৰ মাতৃ আছিল ভাৰতীয়। পিতৃ জামাইকাৰ। কমলাই নিজেই জনাইছে, মাতৃৰ পিতৃ অৰ্থাৎ ককাক পিভি গোপালনৰ প্ৰভূত প্রভাৱ আছে তেওঁৰ ওপৰত। গোপালন আছিল ভাৰতীয় আমোলা।
সেই গোপালনৰেই গাঁৱৰ মন্দিৰত অনুষ্ঠিত হয় পূজা। তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা ৩৯০ কিলোমিটাৰ দক্ষিণে আছে এই থুলাছেন্দ্রপুৰম মন্দিৰ। কমলাৰ মাহীয়েক ডঃ সৰলা গোপালনে জনোৱা মতে, মন্দিৰটোত তেওঁলোকৰ পাৰিবাৰিক দেৱতা পূজিত হয়। কোনো শুভ কামৰ পূৰ্বে অৱশ্যেই এই মন্দিৰলৈ যায় পৰিয়ালৰ সদস্যসকল। প্রতি বছৰেই তেওঁ এবাৰ এই মন্দিৰত গৈ পূজা দি আহে। কিন্তু এই বছৰ কোভিডৰ কাৰণে যাব পৰা নাই।
আনহাতে, সৰলাক ‘চিথি’ বুলি সম্বোধন কৰে কমলাই। ২০১৪ চনত যেতিয়া ভাৰতলৈ আহিছিল, মন্দিৰটোলৈ গৈছিল কমলা। ৫০০০ টকা অনুদানো দিছিল। মন্দিৰৰ দেৱালত সেয়া লিখা আছে। আজি সেই ঘৰৰ জীয়ৰীৰ জয়ৰ বাবেই প্রার্থনা কৰে মন্দিৰৰ পুৰোহিতে।











