নিউজ ডেক্স:
কোভিড-১৯ অতিমাৰি পৰিস্থিতিৰ কাৰণে স্থগিত ৰখা হ’ল আন্তর্জাতিক আৰক্ষী সংস্থা ইন্টাৰপ’লৰ সাধাৰণ পৰিষদৰ বার্ষিক অধিবেশন। সংস্থাটোৰ ইতিহাসত এয়াই প্রথমবাৰৰ বাবে অধিবেশন স্থগিত ৰখা হ’ল।
ইন্টাৰপ’ল সাধাৰণ পৰিষদত সদস্য ৰাষ্ট্রৰ সংখ্যা ১৯৪। অহা ৭-৮ ডিচেম্বৰত সংযুক্ত আৰব অমিৰশাহিত পৰিষদৰ ৮৯ সংখ্যক বার্ষিক অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ইন্টাপপ’লৰ মহাসচিব জুৰগেন ষ্টকে মঙ্গলবাৰে কয়, ‘‘দুর্ভাগ্যজনকভাবে আমি পূর্ব নির্ধাৰিত পৰিকল্পনা অনুযায়ী পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।
আমিৰশাহি কর্তৃপক্ষই ক’ৰোনা পৰিস্থিতি মোকাবিলাত কার্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু অতিমাৰি পৰিস্থিতিৰ কাৰণে আমি ৮৯ সংখ্যক বার্ষিক অধিবেশন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো।’’
জুৰগেনে জনায়, ইন্টাৰপ’লৰ কার্যকৰী কমিটিয়ে অধিবেশন স্থগিতৰ বিষয়ত সর্বসন্মত সিদ্ধান্ত লৈছে। ইন্টাৰপ’ল কর্তৃপক্ষই জনাইছে, বার্ষিক অধিবেশন সংক্রান্তীয় সিদ্ধান্ত পৰৱর্তী পর্যায়ত ঘোষণা কৰা হ’ব। উল্লেখ্য, ২০২২ চনত ভাৰতত ৯১ সংখ্যক বার্ষিক অধিবেশন অনুষ্ঠিত হোৱাৰ কথা।
ইন্টাৰপ’লৰ সাধাৰণ পৰিষদৰ বার্ষিক অধিবেশনত সদস্য ৰাষ্ট্রবোৰৰ প্রতিনিধিসকলে আন্তর্জাতিক সন্ত্রাস, সংগঠিত অপৰাধ, মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহসহ নানা বিষয়ত আলোচনা আৰু তথ্য আদান-প্রদান হয়। বাজেট সংক্রান্তীয় বিষয়ো অনুমোদন কৰা হয়। এইবাৰ অধিবেশন স্থগিত হোৱাত আলোচনা অবিহনেই বাজেট অনুমোদন কৰা হ’ব পাৰে।











