![]()
নিউজ ডেস্কঃ
ৰাজ্যসভাত শক্তি বাঢ়িল বিজেপিৰ৷ ফলত এতিয়াৰ পৰা কোনো বিধেয়ক সহজেই গৃহীত কৰিব পাৰিব শাসনাধিষ্ঠিত বিজেপিয়ে৷ ইয়াৰ বিপৰীতে শক্তি কমিল কংগ্ৰেছৰ৷ যিহেতু উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হয় বিজেপিৰ ৮গৰাকীকৈ প্ৰাৰ্থী ৷
আনহাতে সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ এগৰাকীকৈ প্ৰাৰ্থী জয়ী হয়৷ বিজেপিৰ পৰা জয়ী প্ৰাৰ্থীসকল হ’ল হৰদীপ সিং পুৰী, অর্জুন সিং, হৰিদ্বাৰ দুবে, ব্রিজ লাল, নীৰজ শেখৰ, গীতা শাক্য, সীমা দ্বীবেদী আৰু বি এল ভার্মা। আনহাতে সমাজবাদী পার্টিৰ সমৰ্থনত অধ্যাপক ৰামগোপাল যাদৱ আৰু বহুজন সমাজবাদী পাৰ্টিৰ পৰা ৰামজী গৌতম জয়ী হয়৷ উল্লেখ্য যে বিজেপি নেতৃত্বাধীন এনডিএ এতিয়া ৰাজ্যসভাত শক্তিশালী হৈ পৰিল ৷











