নিউজ ডেক্স:
ছচিয়েল মিডিয়াত পিভি সিন্ধুৱে এটা পোষ্ট দিয়ে, ‘আই ৰিটায়াৰ’। আৰু লগে লগে এই পোষ্টক কেন্দ্ৰ কৰি সৃষ্টি হয় তুমুল চৰ্চা৷ অনুৰাগীসকলৰো হৃদ স্পন্দন বন্ধ হৈ যোৱাৰ দৰে। সকলোৱে ধৰি লয় ৰিঅ’ অলিম্পিকৰ ৰূপ বিজয়ীয়ে হয়তো অৱসৰ ল’লেই।
কিন্তু তিনিটা শ্লাইডৰ সুদীর্ঘ পোষ্টটো পঢ়াৰ পিছতহে বুজি পোৱা যায় আচলতে সিন্ধুই কি ক’ব বিচাৰিছে। তিন শ্লাইডৰ পোষ্টৰ প্রথম শ্লাইডত সিন্ধুই লিখে, ‘আই ৰিটায়াৰ’। তাৰ ওপৰত লিখিছে, ডেনমার্ক অপেনেই মোৰ শেষ টুর্নামেন্ট আছিল।
পৰৱৰ্তী শ্লাইডত হায়দৰাবাদী তাৰকাগৰাকীয়ে লিখিছে, ‘মোৰ এই পোষ্ট পঢ়ি বহু অনুৰাগী স্তম্ভিত হ’ব পাৰে। কিন্তু সকলোখিনি পঢ়িলে মোৰ কথা পৰিষ্কাৰ হৈ যাব আৰু আশা কৰো মোক আপোনালোকে সমর্থন কৰিব।
আচলতে তেওঁ বুজাব বিচাৰিছে, ক’ব খুজিছে এর অতিমাৰিৰ ফলত বিপৰ্যস্ত হৈ পৰা জীৱনৰ কথা৷ থমকি ৰ’বলৈ বাধ্য হোৱা প্ৰাত্যহিক জীৱনৰ গতিৰ কথা৷ অতিমাৰিয়ে ইতি পেলোৱা জীৱন, সপোন, অস্থিৰতা আৰু বিভিন্ন কথা৷
পিছৰ শ্লাইডত সিন্ধুই লিখে, ‘আজি, এই অস্থিৰতাৰ পৰা মই অৱসৰ লৈছো। চাৰিওপাশৰ নেতিবাচকতা, ভয়-ভীতি, অনিশ্চয়তাৰ পৰা মই অৱসৰ লৈছো। যি মোৰ জনা-শুনাৰ বাহিৰত তাৰ ওপৰত মোৰ কোনো নিয়ন্ত্রণ নাই, তাৰ পৰাও মই আঁতৰি আহিছো।’











