নিউজ ডেক্স:
সীমা বিবাদ চলি থকাৰ পিছত প্ৰথম বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিংপিং নবেম্বৰ মাহত মুখামুখি হ’ব ৩খন ভিন ভিন চামিতত ৷
প্ৰথম খন ১০নবেম্বৰত হ’ব লগা চাংহাই ক’অপাৰেচন অৰগেনাইজেছন হেড্চ অফ্ ষ্টেট চামিত. দ্বিতীয়খন ১৭ নবেম্বৰত হ’ব লগা BRICS চামিত আৰু শেষৰখন নবেম্বৰৰ ২১-২২ তাৰিখে হ’ব লগা G20 চামিতত লগ হ’ব দুয়োখন দেশৰ মুৰব্বী দুজন ৷
BRICS আৰু SCO গ্ৰুপিঙৰ অংশীদাৰ ৰাছিয়াই আয়োজন কৰিব ইয়াৰ দুইখন সন্মিলন ৷ আনহাতে G20 সন্মিলনখন পৰিচালনা কৰিব চৌদি আৰবে ৷
১৫ জুনৰ গালোৱানৰ ঘটনাত ভাৰতৰ ২০সৈনিকৰ মৃত্যু আৰু চীনৰো ক্ষতি হোৱাৰ পিছত দুইখন দেশৰ মাজৰ সম্পৰ্ক বেয়াৰ ফাললৈ ধাল খাইছিল ৷
এই বছৰৰ প্ৰথম ভাগতো দুইজন দেশৰ মুৰব্বী চৌদি আৰবে পৰিচালনা কৰা G20ৰ ক’ৰ’না মহামাৰী সন্দৰ্ভৰ সন্মিলনত মিলিত হৈছিল যদিও তেতিয়া দুইখন দেশৰ মাজৰ সম্পৰ্কৰ ইমান অৱনতি ঘটা নাছিল ৷











