নিউজ ডেক্স:
কাইলৈ বিহাৰৰ ১৭খন জিলাৰ ৯৪টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটাৰ প্রতিদ্বন্দ্বীসকলৰ ভিতৰত অন্যতম হ’ল লালুপ্রসাদ যাদৱৰ দুই পুত্ৰ তেজস্বী যাদৱ আৰু তেজপ্ৰতাপ যাদৱ।
এইবাৰ ‘মহা জোঁটবন্ধন’ৰ মুখ্যমন্ত্রী পদপ্রার্থী তেজস্বী যাদৱে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁৰ বিদায়ী সমষ্টি বৈশালী জিলাৰ ৰাঘোপুৰ সমষ্টিৰ পৰা। আনহাতে, তেজপ্রতাপ যাদৱে প্ৰতিদ্বন্দ্বিতা কৰিছে সমস্তিপুৰ জিলাৰ হাসনপুৰ সমষ্টিত।
তেওঁ বিগত নিৰ্বাচনত বৈশালীৰ মহুৱা সমষ্টিৰ পৰা জয়ী হৈছিল।উল্লেখ্য যে ২৪৩খন আসন বিশিষ্ট বিহাৰ বিধানসভা নিৰ্বাচনৰ এইবাৰ তিনিটা পৰ্যায়ৰ প্ৰথম পৰ্যায়ত যোৱা ২৮ অক্টোবৰত ৭১খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷











