নিউজ ডেক্স:
গ্ৰন্থমেলা চলি থাকোতেই কাবুল বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰিলে উগ্ৰপন্থীয়ে। সোমবাৰে বিয়লি হোৱা এই আক্ৰমণত প্ৰায় ১৯জন নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে।
আহতৰ সংখ্যা প্ৰায় ২২ বুলি চৰকাৰী সূত্রত প্ৰকাশ। খবৰ পোৱা মাত্ৰে বিশ্ববিদ্যালয় চৌহদ ঘেৰাও কৰে নিৰাপত্তা বাহিনীয়ে। শেহতীয়া কবৰ মতে, বৰ্তমানলৈ আক্ৰমণকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত তুমুল গুলীয়াগুলী চলি আছে।
উল্লেখ যে আজি আফগান-ইৰানিয়ান গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল বিশ্ববিদ্যালয় চৌহদত। তাত উপস্থিত আছিল বহু অতিথি। ইৰানৰ সংবাদ সংস্থা আইএছএনএ-ই জনাইছে, দেশখনৰ প্রায় ৪০ জন প্রকাশকে উক্ত গ্ৰন্থমেলাত যোগ দিছিল। সেই সময়ত হঠাৎ গুলীৰ শব্দ শুনা যায়। বিভিন্ন সংবাদ মাধ্যমৰ সূত্র মতে, ৩ বন্দুকধাৰী বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি ধাৰাষাৰ গুলীবৰ্ষণ আৰম্ভ কৰে।
আফগানিস্তানৰ স্বাস্থ্য মন্ত্রালয়ৰ সূত্রত প্ৰকাশ, আক্ৰমণৰ ফলত হতাহতসকলৰ ভিতৰত বেছিভাগেই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী। আক্ৰমণৰ পিছত চৌহদটো ঘেৰাও কৰি তাৰ পৰা শিক্ষাৰ্থী তথা অন্যান্যসকলক আঁতৰাই আনে নিৰাপত্তাৰক্ষীয়ে।
বিশ্ববিদ্যালয়ত প্রবেশৰ সকলো পথ বন্ধ কৰি দিয়া হয়। আজি সন্ধ্যা আফগান গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা মতে, গুলীবৰ্ষণ চলিয়ে আছে।বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্র গৰিহণা দিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আচৰফ গনিয়ে।











