নিউজ ডেক্স:
বাবৰি ধ্বংস গোচৰত ৰায়দানকাৰী ন্যায়াধীশক নিৰাপত্তা দিবলৈ অস্বীকাৰ ছুপ্রিম কোর্টৰ। এই মর্মে ন্যায়াধীশ এছ কে যাদৱৰ নিৰাপত্তাৰ আর্জি নাকচ কৰে শীর্ষ আদালতে।
বিশেষ ন্যায়াধীশ যাদৱৰ আর্জিৰ শুনানিত শীর্ষ আদালতে স্পষ্টভাৱে জনাইছে, ছেপ্টেম্বৰৰ ৩০ তাৰিখে আবেদনকাৰীয়ে দিয়া পত্রত উল্লেখিত বিষয়টিক লৈ বিবেচনা কৰাৰ পিছত আদালতে নাভাবে যে আবেদনকাৰীৰ নিৰাপত্তা আৰু বৃদ্ধিৰ কোনো প্রয়োজন আছে।
উল্লেখ্য, নিজৰ কর্মজীবনৰ শেষ দিনত বাবৰি মছজিদ ধ্বংস গোচৰত ৰায়দান কৰে বিশেষ কোর্টৰ ন্যায়াধীশ এছ কে যাদৱে।











