নিউজ ডেক্স:
তেলেঙ্গানাৰ জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰাৱ’লা শ্ৰীধৰ ৰেড্ডীয়ে ১ নবেম্বৰত দল ত্যাগ কৰে ৷ ৰাজ্যিক সভাপতিক উদ্দেশ্যি তেখেতে নিজৰ ইস্তফাপত্ৰ খন প্ৰেৰণ কৰে ৷
ৰাৱ’লা শ্ৰীধৰ ৰেড্ডীয়ে জনোৱা অনুসৰি তেলেঙ্গানাৰ প্ৰতি বিজেপিৰ আওকাণ, দৰিদ্ৰ তথা কৃষক বিৰোধী কেন্দ্ৰৰ বিজেপি দলৰ নতুন কৃষি আইনৰ নীতি আদি বিষয় বিলাকে তেওঁক বিজেপি দল ত্যাগ কৰিবলৈ বাধ্য কৰিলে ৷
লগতে জ্যেষ্ঠ নেতাজনে জনাই যে তেলেঙ্গানাৰ শাসকীয় আঞ্চলিক দল টি.এছ.আৰ. দলত যোগদান কৰিবলৈ আগ্ৰহী তেখেত ৷ তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী কে.চন্দ্ৰশেখৰ ৰাওৰ উন্নয়ন মূলক আঁচনি সমূহৰ বিষয়েও প্ৰশংসা কৰি কয় যে কে.চি.ৰাওৱে তেলেঙ্গানাক দেশৰ ভিতৰতেই আগশাৰীৰ ৰাজ্যলৈ উন্নিত কৰিলে ৷
ৰেড্ডীৰ মতে কে.চি.ৰাওৱে ৰাজ্যখন সেউজীয়া কৰিবলৈ যত্ন কৰাৰ সময়ত বিজেপি দলটোৱে ৰাজ্যখনক কৰ্পৰেট ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছে ৷
সন্মুখত থকা GHMC নিৰ্বাচনৰ পূৰ্বে জ্যেষ্ঠ নেতাৰ দল ত্যাগ গেৰুৱাদলৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷
কিন্তু প্ৰশ্ন হৈছে মানৱ বিৰোধী আইন, জনতাৰ প্ৰয়োজনৰ প্ৰতি অৱহেলা আদি সমূহৰ বাবে লাহে লাহে মোহ ভংগ হ’বলৈ আৰম্ভ কৰিছে নেকি বিজেপি দলৰ প্ৰতি নেতা-জনতা সকলোৰে?











