ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ইণ্ডিজেনাছ ইউথ অফ কাৰবি আংলং চমুকৈ আইৱাইকেএই মহামাৰী সদৃশ কৰ’না ভাইৰাছৰ প্ৰতিহত কৰাৰ উদ্যেশ্য আগত ৰাখি আজি ডিফুৰ ৰাইজৰ মাজত বিতৰণ কৰিছে ছেনিটাইজাৰ আৰু মাস্ক ৷
আজি সন্ধিয়াৰ ভাগত ডিফু মাটিৰুং তিনিআলিৰ ছিৰভম’ প্ৰতিমূৰ্তিৰ ওচৰত সংগঠনটোৰ নেতা, সদস্য সকলে পথচাৰী সকলৰ মাজত কৰ’নাসৃষ্ট পৰিবেশৰ সন্দৰ্ৰভত সজাগতা সৃষ্টি কৰাৰ লগতে মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে ৷
সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙে কয়যে, কৰ’নাকালত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা আগবঢ়াই সংগঠনটোৰ প্ৰতিজন নেতা সদস্ই সুখী বুলি কয় ৷ আজিৰ ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কাৰ্যসূচীত ক্ৰমে সংগঠনটোৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰদীপ ইংলেং , সম্পাদক ৰাজেশ নাথ, বিত্ত সম্পাদক হাছেন আলী আৰৱ কোষাধ্যক্ষ গোলাৱ খান, সাংস্কৃতিক সম্পাদক হেমন্ত সিঙ উপস্থিত আছিল, ডিফু মহকুমা সমিতিৰ সভাপতি আনন্দ বে আছিল ৷













