নিউজ ডেক্স:
ক’ৰোণা সন্ত্ৰাসৰ মাজতে চৰকাৰে অধিক পৰিমাণে গ্ৰহণ কৰিছে সেৱা কৰ অৰ্থাৎ GST। ফেব্ৰুৱাৰী মাহৰ পিছত প্ৰথম বাৰৰ বাবে GST য়ে এক লাখ টকা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
যোৱা অক্টোবৰ মাহত চৰকাৰে লাভ কৰিছিল ১,০৫,১১৫ টকা। দেওবাৰে বিত্ত মন্ত্ৰালয়ে এই কথা সদৰী কৰাৰ লগতে কয় যে, “এই মাহৰ GST বিগত বৰ্ষৰ অক্টোবৰ মাহৰ GST তকৈ ১০ গুণ অধিক। বিত্ত মন্ত্ৰালয়ে কয় যে, চলিত বৰ্ষৰ ৩১ অক্টোৱৰ পৰ্যন্ত সংগ্ৰহ হোৱা সৰ্বমুঠ কৰ বৰ্তমানে ৮০ লাখ অতিক্ৰম কৰিছে।











