ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেঙত এক ভয়াৱহ বাইক দুৰ্ঘটনাত চেং টিচ্ছ আৰু কাজা লিন্দক থিতাতে নিহত হ’য় ৷ এ.এচ ০৯ই-০৯৩২ নম্বৰৰ বাইকেৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হ’য় ৷
প্ৰাপ্ত্য খবৰৰ মতে জিৰিকিন্দেঙৰ পৰা ১০ কিঃমিটাৰ নিলগৰ টাচেং গাঁৱৰ দুই বাসীন্দাই হাট-বজাৰ শেষ কৰি জিৰিকিন্দেং বজাৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত পাহাৰৰ একাবেকা পথটোত নিয়ন্ত্ৰন হেৰুৱাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হৈ থিতাতে দুয়োৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷













