নিউজ ডেস্কঃ
ইছলামৰ নামত ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী আক্ৰমণত স্তম্ভিত ফ্রান্স। হজৰত মহম্মদৰ ‘মান বচাবলৈ’ ৰক্তপিপাসু ধর্মান্ধৰ নগ্ননৃত্যত হতবাক সমগ্ৰ বিশ্ব। এনে পৰিস্থিতিত ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে অৱস্থান লোৱাত মুছলিম বিশ্বত ৰোষৰ সন্মুখীন হৈছে ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰো। এই পৰিস্থিতিত নিছত সন্ত্ৰাসবাদী আক্ৰমণৰ গৰিহণা দি সৰৱ হৈছে চৌডি আৰব।
চৌডি আৰবৰ চৰকাৰী প্রেছ এজেন্সিত প্রকাশিত এক বিবৃতিত চৌডি বিদেশ মন্ত্রালয়ৰ স্পষ্ট বক্তব্য, ‘আমি যিকোনো ধৰণৰ সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে। যি কামে হিংসা আৰু বিদ্বেষ বিয়পায় তেনে কামৰ পৰা দূৰত থকাটো অত্যন্ত জৰুৰী।’ উল্লেখ্য, মুছলিম বিশ্বত এই প্রথম কোনো দেশে বৃহস্পতিবাৰে ফ্রান্সত হোৱা সন্ত্রাসবাদী আক্ৰমণৰ প্রতিবাদত সৰৱ হৈছে।
ইয়াৰ পূৰ্বে, তুৰস্ক, পাকিস্তান আৰু মালয়েছিয়াৰ প্রাক্তন প্রধানমন্ত্রী মহাথিৰ মহম্মদেও ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰোৰ সমালোচনাত সৰৱ হৈছে। মহাথিৰ মহম্মদে কৈছিল, লাখ লাখ ফৰাচী মানুহক হত্যাৰ অধিকাৰ আছে মুছলিমসকলৰ। এনে পৰিস্থিতিত চৌডি আৰবৰ পদক্ষেপ যথেষ্ট তাৎপর্যপূর্ণ।