ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আন্তৰাজ্যিক গাড়ীচোৰ চক্রৰ বিৰুদ্ধে শেহতীয়াকে এলানি সফল আভযানৰ নেতৃত্ব দিয়া কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীয়ে মাঞ্জা আৰু গুৱাহাটীত অভিযান চলাই এখন চুৰি ক্রেটাসহ গাড়ীচোৰ চক্রৰ সৈতে জড়িত চাৰিটা দুর্ধর্ষ গাড়ীচোৰক গ্রেপ্তাৰ কবিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, কালি পুৱা ভাগত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মাঞ্জা থানাৰ সন্মুখত চলােৱা নিয়মীয়া তালাচীৰ সময়ত এখন ক্রেটা বাহন প্রত্যক্ষ কৰে। সন্দেহবশতঃ আৰক্ষীয়ে বাহনখনৰ সমস্ত নথি-পত্র পৰীক্ষা কৰাত বাহনখনৰ ছেছিছ নম্বৰ আৰু ইঞ্জিনৰ নম্বৰ তথ্য অন্যান্য নথি পত্রত যথেষ্ট ক্রুটি প্রত্যক্ষ কৰে।
এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলে দিয়া অনুসৰি বাহনখনৰ প্রকৃত ইঞ্জিন নম্বৰ জ্বলাই দি নষ্ট কৰি ইয়াৰ নম্বৰ সলনি কৰা হৈছিল। বাহনখন চুৰি বাহন বুলি নিশ্চিত হােৱাৰ পিছতে আৰক্ষীয়ে বাহনখনৰ দুই আৰোহীক লগে লগে আটক কৰে। ধৃত গাড়ীচোৰ দুটা ইম্ফলৰ এণ্ড থানাৰ অন্তর্গতআংগাথা মামাং লেইকাইৰ লইটংবাম শিশিকান্ত সিং (২৯) আৰু একে ঠাইৰে যুমলেমবাম মাংগলেমবা সিং (৩৮) বুলি চিনাক্ত কৰা হয়।
ধৃত দুয়ােগৰাকীয়ে গুৱাহাটীৰ কোনাে দালালৰ জৰিয়তে পুৰণি বাহন বিক্রী কৰা শ্ব-কমৰ পৰা বাহনখন ক্রয় কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়া। ৭,৩৫,৭০০ টকাত ক্রয় কৰা বিলাসী বাহনখন ৰহস্যজনকভাবে বিক্রেতাই শ্বৰুমৰ পৰিবর্তে যােবাবাটৰ ৰাজপথতহে ক্ৰেতা দুগৰাকীৰ হাতত অর্পণ কৰা বুলি আৰক্ষীক অৱগত কৰে।
আনহাতে, ধৃত দুয়ােৰে স্বীকাৰোক্তিৰ ভিত্তিত কালি বিয়লিয়েই কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেবজিৎ দেউৰীৰ নেতৃত্বত মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰএটা দলে দিছপুৰ থানাৰ আৰক্ষীৰ সহযােগত গুবাহাটীত অভিযান চলায়। নিশাৰ ভাগত চলােৱা অভিযানত দিছপুৰ ডাউন টাউনৰ গােস্বামী লজত অভিযান চলাই আৰক্ষীয়ে আন্তঃৰাজ্যিক গাড়ীচোৰ চক্রৰ আন দুই দুর্ধর্ষ সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত গাড়ীচোৰ দুটা ইশ্ল ইষ্ট জিলাৰ ইৰিলবুং থানাৰ অন্তর্গত থিয়াম কনজিন মামাং লেইকাই নিবাসী থিয়াম ৰমেন সিং (৩২) আৰু ইস্ফল ইষ্ট জিলাৰ ইৰিলবুং থানাৰ অন্তর্গত কংবাখেত্রী লেইকাইৰ থকচম সুকুমাৰ সিং (২৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্যযে, কেইমাহমান পূর্বে কার্বি আংলং জিলা আৰক্ষীয়ে পাহাৰীয়া জিলাখনব লগতে গুৱাহাটীত অভিযান চলাই বুজনসংখ্যক বিলাসী বাহনৰ লগতে এক বৃহৎ গাড়ীচোৰ চক্রক জালত পেলাবলৈ সক্ষম হৈছিল যদিও ইয়াৰ পিছতাে এতিয়াও চক্রতাে শক্তিশালীভাবে ৰাজ্যখনত সক্রিয় হৈ থকা বুলি জানিব পৰা গৈছে।
এই সন্দর্ভত ইতিপুর্বে মাঞ্জা থানাত পঞ্জীয়ন হৈ থকা ১৮/২০২০ নম্বৰৰ এক গােচৰৰ ভিত্তিত ধৃত আটাইকেইগৰাকীকে আজি কাৰাগাৰলৈ প্রেৰণ কৰা হয়। আৰক্ষী সূত্রে লাভ কৰা অনুসৰি, অপবাধী চক্রই গুৱাহাটীৰ বিভিন্ন সৰু সৰু লজত বাহৰ পাতি থাকি এইদৰে গাড়ীচুৰি কার্যৰ সমগ্র কর্মকাণ্ড নিয়ন্ত্রণ কৰি আহিছে।