জয়ছিং টকবি:
কাৰবি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ লাংফেৰ সমষ্টিৰ ৱলংকম (বকলীয়া)ত ২৫ অক্টোবৰত এদিনীয়া বর্ণিল কাৰ্যসূচীৰে ২৮ সংখ্যক লাংফেৰ মাণ্ডলিক কাৰবি যুৱ মহোৎসৱ উদযাপন কৰা হয়। ১৯৯৪ চনৰ পৰা কাৰবি কালচাৰেল চচাইটিৰ কেন্দ্ৰীয় সমিতিৰ অন্তর্গত কে চি এছ বিভিন্ন জোনাল কমিটি (মাণ্ডলিক সমিতি)ৰ উদ্যোগত কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তৰ ২৫ খন ঠাইত আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ উমৰাংছ’ আৰু কামৰূপত এখন ঠাইত প্ৰতি বছৰে উদযাপিত হৈ আহিছে।
এইবেলি ২৮ সংখ্যক বর্ষত ভৰি দিয়া মাণ্ডলিক লাংফেৰ হাৱাৰ কাৰবি যুৱ মহোৎসৱ, ৱলংকম আজি’ত ছিঙ্গাপুৰ আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল, অষ্ট্ৰেলিয়া আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল , বুচান আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেল (দক্ষিণ কোৰিয়া) আদিত আমন্রিত হৈ কাৰবি কথাছবি প্রদর্শন কৰি অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনা বিশিষ্ট পৰিচালক খঞ্জন কিশোৰ নাথেও অংশ গ্ৰহণ কৰি লাংফেৰ মাণ্ডলিক কাৰবি মহোৎসৱত এক অনন্য মাত্রা প্রদান কৰিলে।
কাচিচিনিথু (A Boy With A Gun) আৰু আৰয় (Cage) কথাছবিৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বহু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা, কাৰবি জাতিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়া কাৰবি আংলঙৰ সুযোগ্য সন্তান বৈঠালাংছ’ৰ ইডেনবাৰীত জন্ম গ্ৰহণ কৰা বিশিষ্ট কথাছবি পৰিচালক খঞ্জন কিশোৰ নাথক লাংফেৰৰ সামাজিক সাংস্কৃতিক দল সংগঠনে সমগ্ৰ কাৰবি আংলঙৰ ৰাইজৰ হৈ উষ্ণ আদৰণীৰে সম্বর্ধনা জনাই।
কে চি এছ লাংফেৰ হাৱাৰ আমেই, কাৰবি লাম্মেত আমেইৰ বকলীয়া শাখা, কাৰবি কর্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু বকলীয়া জোনাল কমিটি, ইউনাইটেড কাৰবি ক্লাব, বকলীয়া মিউনিচিপালিটি বোর্ড আদি সংগঠনে কাৰবি আংলঙৰ কৃতি সন্তান খঞ্জন কিশোৰ নাথক সম্বর্ধনা জনাই। কাৰবি আংলঙৰ এগৰাকী কৃতি সন্তান খঞ্জন কিশোৰ নাথক সম্বর্ধনা জনোৱাৰ বাবে ভালকৈ খবৰটো জনোৱাৰ পাছতো অৱশ্যে বহু অনুষ্ঠান আৰু সংগঠনে যোগদানৰ পৰা বিৰত থাকে।














