ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ক’ৰোনা মহামাৰীৰৰ মাজতে আৰম্ভ হোৱা পৱিত্ৰ দুৰ্গা পূজাত এইবাৰ ডিফু গাওঁৰক্ষী বাহিনীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ৰাজ্যিক দূৰ্যোগ আৰু প্ৰশমন বিভাগে পূজা মণ্ডপ সমূহৰ বাবে বান্ধি দিয়া চৰ্ত সমূহৰ প্ৰতি লক্ষ ৰাখি গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলী সমিতি উপ উপদেষ্টা কুমচিং টেৰণৰ উদ্যোগত আৰু গাওঁৰক্ষী বাহিনীৰ ডিফু থানাৰ উপদেষ্টা মণ্ডলী সমিতিৰ সহযোগত ডিফুৰ দুৰ্গা পূজাৰ মণ্ডপ সমূহত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ৷
আজি পুৱাৰ ভাগত ডিফু হৰিলাল বস্তিত থকা শ্ৰীশ্ৰী কালী মন্দিৰ দূৰ্গা পূজা মণ্ডপত গাওঁৰক্ষী বাহিনীয়ে ভক্তগণৰ মাজত মাস্ক আৰু ছেনিটাইজ সমূহ বিতৰণ কৰে ৷ বিতৰণ কাৰ্যসূচীত গাওঁৰক্ষী বাহিনীৰ ডিফু থানা উপদেষ্টা মণ্ডলী কমিটিৰ উপ উপদেষ্টা কুমচিং টেৰণ, সভাপতি হেমাৰী তিমুঙ, উপসভাপতি আব্দুল মতিন তালুকদাৰ, হৰিলাল বস্তি গাওঁৰক্ষী বাহিনীৰ সম্পাদক তাজেল হক বৰ লষ্কৰ উপস্থিত আছিল ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে শীতলাবাড়ী দূৰ্গা মণ্ডপ, বাৰোৱাৰী দুৰ্গা মন্দিৰ, ৰেলৱে দুৰ্গা মন্দিৰ আৰু বাঘমাৰী দুৰ্গা মণ্ডপতো তদ্ৰুপ কাৰ্যসূচী গ্ৰহণ কৰে গাওঁৰক্ষী বাহিনীয়ে ৷













