নিউজ ডেস্কঃ
পূজাৰ বতৰত বাম্পাৰ অফাৰ হোণ্ডা টু-হুইলাৰ্ছ ইণ্ডিয়াৰ। এই উৎসৱত নতুন মাত্রা যোগাবলৈ হোণ্ডাই ঘোষণা কৰিছে ছুপাৰ ছিক্স অফাৰ। এই অফাৰৰ জৰিয়তে গ্রাহকসকলে এফালে যেনেদৰে মূল্যৰ ক্ষেত্রত ৰেহাই পাব, তেনেদৰে লাভ কৰিব অন্যান্য সুবিধাও।
ছুপাৰ ছিক্স অফাৰৰ অধীনত গ্রাহকসকলে ১১,০০০ টকা পর্যন্ত ৰেহাইৰ সুযোগ পাব পাৰে। বিশেষকৈ নতুন বাইক কিনিলে গ্রাহকক ১০০ শতাংশ পর্যন্ত ফাইনেন্সৰ সুযোগ দিব হোণ্ডাই। সুতৰ হাৰো তুলনামূলকভাৱে কম। ন্যূনতম মাত্র ৭.৯৯ শতাংশ সুতত ঋণ দিব এই গাড়ী নির্মাতা কোম্পানীটোৱে। ইমানেই নহয়, প্রথম তিনি মাহৰ ইএমআইত লাভ কৰিব ৫০ শতাংশ ৰেহাই।
ইয়াৰ উপৰি ক্রেডিট কার্ড বা ডেবিট কার্ডৰ জৰিয়তে মটৰবাইক কিনিলে ৫ হাজাৰ টকা কেশ্ববেক অফাৰ দিছে হোণ্ডাই। কোনোৱে পেটিএমৰ জৰিয়তে বাইকৰ পেমেন্ট কৰিব বিচাৰিলে সেই ক্ষেত্রতো ৰেহাই পোৱা যাব। এই ক্ষেত্রত আঢ়ৈ হাজাৰ টকা ৰেহাইৰ কথা ঘোষণা কৰা হৈছে।
উল্লেখ্য যে হোণ্ডা জয় ক্লাব নামেৰে এটি লয়েলটি প্র’গ্ৰেম চলায় হোণ্ডা টু-হুইলাৰ্ছ ইণ্ডিয়াই। উৎসৱৰ বতৰত নতুন বাইক বা স্কুটি কিনিলে ইয়াৰ মাধ্যমতো গ্রাহকসকলক বহু কেইটা সুবিধা দিব হোণ্ডাই। হোণ্ডা জয় ক্লাবৰ মাধ্যমেৰে গ্রাহকসকলে অতিৰিক্ত কেশ্ববেক আৰু ১ লাখ টকা পর্যন্ত ব্যক্তিগত দুর্ঘটনা বীমাৰ কভাৰেজৰ সুযোগ পাব। ইয়াৰ উপৰি ছার্ভিচিং আৰু মেনটেইনেন্সৰ ক্ষেত্রতো ৰেহাই পাব। লগতে গ্রাহকৰ সুবিধার্থে অনলাইনত টু-হুইলাৰ বুকিঙৰো সুযোগ দিছে হোণ্ডাই।