![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃকাৰবি আংলঙত পুণৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা ৷ আজি পুৱাৰ ভাগত কাৰ্বি আংলং আৰক্ষীয়ে অসম – নাগালেণ্ড সীমান্ত লাহৰিজানত উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰইন ৷

আজি পুৱা ৫-৩০ মান বজাত লাহৰিজান আৰক্ষী পহৰা চকীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰে যোৱা AS04 AC5213 ৬ চকীয়া এলপি ট্ৰাক এখন ৰখিবলৈ নিৰ্দেশ দিয়া গাড়ীখন তালাচী চলোৱাত ড্ৰাইভাৰৰ কেবিনৰ পৰা লুকুৱাই ৰখা অৱস্থাত প্ৰায় ৩ তেজি ৪৫ গ্ৰাম ওজনৰ নিষিদ্ধ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দ কৰা হেৰইনখিনি আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷












