নিউজ ডেক্স:
ঝাড়খণ্ডৰ জামছেদপুৰত এগৰাকী কিশোৰীক গণধর্ষণ কৰাৰ অভিযোগত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ অভিযুক্তৰ তালিকাত আছে এক নাবালক৷ নাবালকৰ নাম প্ৰকাশ কৰা নাই৷ ইতিমধ্যে নাবালকক জুভেনাইল হোমলৈ পঠোৱা হৈছে৷
বাকী কেইজনক কাৰাগাৰলৈ পঠোৱা হয়৷ অভিযুক্তৰ তালিকাত আছে শংকৰ টিউ, ৰোছন কুজুৰ, সূৰ্য পাত্ৰ আৰু ছানী ছুৰেন৷ অভিযুক্তৰ পৰা এটা দেশীয় পিস্তল আৰু কাৰ্টিজ উদ্ধাৰ কৰা হৈছে৷ পলমকৈ পোৱা বাতৰি মতে জামছেদপুৰৰ বাগবেৰা অঞ্চলেৰ বাসিন্দা এই কিশোৰী যোৱা মঙলবাৰে তেওঁৰ প্ৰেমিকৰ সৈতে থকা সময়ত ঘটনাটো সংঘটিত হয়৷
মুৰত বন্দুক থৈ ভয় দেখুৱাই তেওঁলোক দুয়োকে অপহৰণ কৰে৷ তাৰ পাচত প্ৰেমিকক বান্ধি কিশোৰীক ধর্ষণ কৰে৷ আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
কিশোৰীগৰাকী নৃত্যৰ ক্লাছৰ পৰা সেই সময়ত ঘুৰি আহিছিল বুলি জনাইছিল৷ কিন্তু তদন্তত দেখা গৈছে, কিশোৰীগৰাকী নৃত্যৰ ক্লাছলৈ যোৱা নাছিল৷ কিশোৰীগৰাকীৰ প্ৰেমিককো জেৰা কৰা হৈছে৷ কথা পাতিছে নির্যাতিতাৰ পৰিয়ালৰ লগত৷










