ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : শেহতীয়াকৈ দেশজুৰি বিতর্কৰ সূচনা কৰা কৃষি সংস্কাৰ সম্পর্কীয় তিনিখন বিধেয়কৰ বিৰূদ্ধে প্রধান বিৰোধী দল কংগ্রেছে দেশজুৰি অব্যাহত ৰাখিছে ব্যাপক প্রতিবাদ। ইয়াৰে অংশ হিচাপে প্রদেশ কংগ্রেছৰ নির্দ্শনা অনুসৰি কাৰবি আংলং জিলাতাে বিধেয়ককেইখনৰ বিৰুদ্ধে ব্যাপক প্রতিবাদী কার্যসূচী হাতত লােৱা হয়।
জিলাখনৰ সদৰ চহৰ ডিফুত আজি চেমছনছিং ইংতি স্মৃতি উদ্যানৰ সন্মুখত আজি কংগ্রেছ দলৰ নেতা-কর্মীসকলে দিনৰ এঘাৰ বজাৰ পৰা দুঘন্টীয়া ধর্ণা কার্যসূচীত অবস্থান কৰি প্রতিবাদ সাব্যস্থ কৰে ৷
প্রতিবাদী কার্যসূচীৰ নেতৃত্ব প্রদান কৰি প্রদেশ কংগ্ৰেছৰ সম্পাদক ডাঃ মংৱে ৰংপিয়ে এই বিধেয়ক দৰিদ্র কৃষকৰ বাবে নহয় পুঁজিপতিৰ স্বার্থতহে ৰূপায়ণ কৰা হৈছে বৃলি মস্তব্য কৰাৰ লগতে বিধেয়ক কেইখনৰ কৃষকবিৰােধী চৰিত্রৰ বাবেই মিত্রদল আকালী দলে এন ডি এৰ সৈতে সম্পর্ক ত্যাগ কৰা বুলি মত ব্যক্ত কৰে।
আনহাতে, হাওৰাঘাট নগৰতাে আজি কৃষকবিৰােধী আইন বাতিল কৰাৰ দাবীত ভালেসংখ্যক নেতা কর্মীয়ে হাওৰাঘাট ৰাজীব ভবনৰ পৰা হাওৰাঘাট নগৰলৈকে এক প্রতিবাদী সমদল উলিয়াই প্রতিবাদ সাব্যক্ত কৰে। প্রতিবাদকাৰীসকলে ‘কংগ্রেছ আই জিন্দাবাদ, খৰছিং ইংতি জিন্দাবাদ বিজেপি মুর্দাবাদ, বিজেপি গ বেক’ আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তােলে।












