নিউজ ডেক্স:
১৮৬৮ চনৰ ১০ অক্টোবৰত কিউবায়ে স্পেইনৰ বিৰূদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল ৷ এইটোৱেই আছিল স্বাধীনতা আন্দোলনৰ প্ৰথম দিন যাৰ নেতৃত্ব দিছিল কাৰ্লছ মেনুৱেল চেপিড্চে ৷ এখেতকে বৰ্তমান কিউবাৰ পিতৃ হিচাপে জনা যায় ৷
চেনি কলৰ মালিক কাৰ্লছ মেনুৱেল চেপিড্চ আৰু তেখেতৰ অনুসৰণকাৰী সকলে বিচৰা স্বাধীনতাই এই স্বাধীনতা আন্দোলনৰ আৰম্ভণি আছিল ৷
কিউবাই স্পেইনৰ বিৰুদ্ধে যুঁজা স্বাধীনতা যুঁজ তিনিখনৰ এইখনেই প্ৰথম ৷ দ্বিতীয়খনক “লিট্ল ৱাৰ” অৰ্থাৎ সৰু যুদ্ধ বুলি জনা যায় ৷ ইয়াৰ সময় সীমা আছিল ১৮৭৯ৰপৰা ১৮৮০ চনলৈকে ৷ তৃতীয়খন “কিউবান স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল ১৮৯৫ চনতোআৰু শেষ হৈছিল ১৮৯৮ চনত ৷










