নিউজ ডেক্স:
হিন্দুস্তান এৰ’নেটিকচ্ লিমিটেডৰ কৰ্মচাৰী দীপক চিৰ্চাথক আটক কৰা হয় ৷ তেখেত এই প্ৰতিষ্ঠানটোৰ সহকাৰী পৰ্যবেক্ষক হিচাপে কাম কৰিছিল ৷
এই লোকজনে বিগত বহুদিন ধৰি পাকিস্তানী গুপ্তচৰ সংস্থা আই.এছ.আই.ক নাছিকৰ ওচৰত নিৰ্মাণ হোৱা ভাৰতীয় যুদ্ধ বিমান আৰু ইয়াৰ নিৰ্মাণ শৈলীৰ বিষয়ে হোৱাটচ্এপ আৰু আন সামাজিক মাধ্যমৰ যোগেদি তথ্য প্ৰেৰণ কৰি আছিল ৷
নাছিকৰ ৰাজ্যিক সন্ত্ৰাসবিৰোধী দলে এই কথা উদ্ধাৰ কৰি আটক কৰে ৷ দীপক চিৰ্চাথ বুলি চিনাক্ত হোৱা ব্যক্তিজনৰ বিৰূদ্ধে চৰকাৰী গোপনীয়তা আইন (The Official Secrets Act) ৰ অধীনত গোচৰ ৰুজু হয় ৷










