
হয়, ঠিকেই শুনিছে আপুনি ৷ ফিনলেণ্ডত এদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল এগৰাকী ১৬বছৰীয়া কিশোৰীক ৷
কিশোৰী গৰাকীৰ নাম আভা মুৰতো ৷ দক্ষিণ ফিনলেণ্ডৰ আবাসী আভা মুৰতো এগৰাকী সক্ৰিয় পৰিৱেশ আৰু মানৱ অধিকাৰ কৰ্মী ৷
বিশ্বৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী তথা দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ছানা মাৰিনে ১৬ বছৰীয়া কিশোৰীগৰাকীক এদিনৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়ে নাৰীৰ অধিকাৰ ৰক্ষাৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ৷ বুধবাৰে ঘটা এই ঘটনাটো নাৰীৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট আশাব্যঞ্জক ৷









