ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : দূৰ্ধৰ্ষ কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএৰৰ সেনাধ্যক্ষ আৰক্ষীৰ গুলীত নিহত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি কাৰবি আংলং আৰক্ষীৰ অভিযানকাৰী দল আৰু অসম পুলিচ ৰেঞ্জাৰ্চৰ সহযোগত সিংহাসন পাহাৰৰ পাদদেশ জ’লেইনত এক দুঃসাহসিক অভিযান চলায় ৷
এনেদৰে অভিযান চলাই থাকোঁতে ঘন অৰণ্যৰ মাজত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়া গুলী চলে ৷ পুৱতি নিশালৈকে গুলীয়াগুলী চলে ৷ ৰাতিপুৱা ঘটনাস্থলী চাৰ্জ কৰোঁতে এটা উগ্ৰপন্থীৰ মৃতদেহ পৰি থকা পৰিলক্ষিত হয় ৷
পিছত মৃতদেহটো ইউপি আৰ এৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে বুলি চিনাক্ত কৰা হয় ৷ ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে এটা ৭’৬৫ পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ যোগ্য যে, যোৱা ২৫ আগষ্টত কাৰবি আংলঙৰ নান্দনিক জলপ্ৰপাত টকৌলাংছত স্থানীয় দৰ্শকৰ একেশাৰীতে স্বয়ংক্ৰীয় অত্যাধুনিক ৰাইফললৈ অৱসৰ বিনোদন কটোৱাৰ লগতে মুক্ত বিচৰণ কৰি পৰ্যটকৰ সৈতে ছেলফি লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিছতে কাৰবি আংলং আৰক্ষী সহস্ৰ উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে কাৰবি আংলঙ আৰক্ষী তৎপৰ হৈ পৰে ৷













