ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি বোকাজানত বিজুলী-ঢেৰেকণিৰে মুষলধাৰ বৰষুণৰ লগতে হোৱা বজ্ৰপাতত দুই কিশোৰৰ মৃত্যু হয়। ঘটনাৰ বিৱৰণী অনুসৰি বোকাজান নগৰৰ সমীপৱৰ্তী কাৱৰাম পাণিকা বস্তিৰ উত্তম পাণিকাৰ পুত্ৰ অজয় পাণিকা(১৫) আৰু একে গাঁৱৰে ফুকন পাণিকাৰ পুত্ৰ ৰাহুল পাণিকাই (১৪) বিয়লি প্ৰায় ৪ বজাত পথাৰৰ পৰা গৰু আনিবলৈ গৈছিল।
কিন্তু হঠাতে গাজনি-ঢেৰেকণিৰে অহা প্ৰৱল বৰষুণৰ বাবে পথাৰৰ মাজতে থকা এজোপা বৃহৎ গছৰ তলত দুয়ো আশ্ৰয় লোৱাৰ সময়তে বজ্ৰপাত পৰি দুয়োৰে মৃত্যু হয়।
উল্লেখ্য যে ছাত্ৰ দুজন বোকাজানৰ বৰজান উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰ আছিল। ইয়াৰে অজয় পাণিকা নৱম শ্ৰেণীৰ আৰু ৰাহুল পাণিকা দশম শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰ দুজনৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ বোকাজানতে গভীৰ শোকৰ ছাঁ পেলাইছে।











