নিউজ ডেক্স:
কাঠুৱা তথা উন্নাওৰ কথা নিশ্চয় মনত আছে৷ য’ত ধর্ষণ আৰু হত্যাৰ দৰে নৃশংস অপৰাধৰ অভিযুক্তসকলৰ সমর্থনতো সমদল ওলাইছিল। সভা হৈছিল। হাথৰাসৰ ক্ষেত্রতো তাৰ ব্যতিক্রম নহ’ল।
গণধর্ষণত অভিযুক্তসকলৰ সমর্থনত বৃহৎ সভাৰ আয়োজন কৰিলে স্থানীয় বিজেপি নেতা ৰাজবীৰ সিং পেহেলৱানে। যিগৰাকী এটা সময়ত বিজেপিৰ টিকটত বিধায়কো হৈছিল। তেওঁৰ ঘৰতেই অভিযুক্তসকলৰ ‘সুবিচাৰ’ৰ দাবীত এই সভাখনৰ আয়োজন কৰা হয়। এই দাবী এক সর্বভাৰতীয় সংবাদ মাধ্যমৰ।
উল্লেখ্য, হাথৰাসৰ ঘটনাত উচ্চবর্ণৰ চাৰি অভিযুক্তক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে উত্তৰ প্রদেশ আৰক্ষীয়ে। ইয়াৰে আটাইকেইজনে তথাকথিত ‘উচ্চবর্ণ’ৰ লোক। ৰাজবীৰ সিং পেহেলবান নামৰ স্থানীয় বিজেপি নেতাজনৰ দাবী, উচ্চবর্ণৰ এই চাৰি যুৱকক মিছা অভিযোগত ফচোৱা হৈছে। উত্তৰ প্রদেশ চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র কৰা হৈছে।
বিজেপি নেতাজনে কয়, ব্যক্তিগত উদ্যোগত তেওঁ এই সভাৰ আয়োজন কৰিছে। য’ত উপস্থিত আছিল সমাজৰ তথাকথিত উচ্চবর্ণৰ বহু লোক। আনকি গ্রেপ্তাৰ হোৱা চাৰি অভিযুক্তৰ পৰিয়ালো এই বৈঠকত উপস্থিত আছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই সভাখন আয়োজন কৰা হৈছিল বিজেপি নেতাজনৰেই ঘৰত।










