নিউজ ডেক্স:
অহা জুলাই মাহৰ ভিতৰত দেশৰ ২৫ কোটি নাগৰিকৰ কাষত ক’ৰোনাৰ প্রতিষেধক উপলব্ধ কৰোৱাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই। দেওবাৰে দেশবাসীক এই কথা জনালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে। নিৰপেক্ষভাবে যাতে এই প্রতিষেধকৰ বিতৰণ হয়, চৰকাৰে তাক সুনিশ্চিত কৰিব বুলিও তেওঁ জনাইছে।
উল্লেক্য যে প্রতি দেওবাৰে ছচিয়েল মিডিয়াত ‘ছানডে সংবাদ’ অনুষ্ঠানৰ মাধ্যমেৰে জনসাধাৰণৰ সৈতে কথোপকথনত অংশ লয় হর্ষ বর্ধনে। আজি এই অনুষ্ঠানত তেওঁ কয়, ‘‘অহা জুলাইৰ ভিতৰত ১৩০ কোটিৰ ভিতৰত ২৫ কোটি দেশবাসীৰ ওচৰত ক’ৰোনাৰ প্রতিষেধক উপলব্ধ কৰোৱাই চৰকাৰৰ লক্ষ্য। তাৰ বাবে ৪০-৫০ কোটি ড’জ আমি হাতত পাইছো। সকলোৰে মাজত সমানভাবে সেইবোৰ বিতৰণ কৰা হ’ব।’’
স্বাস্থ্যমন্ত্ৰী হর্ষ বর্ধনে আৰু জনায়, স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলবোৰক এখন তালিকা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। প্রয়োজনীয়তা বুজি কাৰ ওপৰত আগতে প্রতিষেধক প্রয়োগ কৰা উচিত অক্টোবৰৰ ভিতৰত সেই কথা জনাব তেওঁলোকে। অৱশ্যে সন্মুখৰ পৰা যিসকলে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ কৰি আছে, সেই স্বাস্থ্যকর্মীসকলক প্রাধান্য দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে বৰ্তমান ভাৰতত ক’ৰোনাৰ তিনিটা সম্ভাব্য প্রতিষেধকৰ ট্রায়েল চলি আছে৷ যাৰ ভিতৰত অন্যতম হ’ল কোভিশ্বিল্ড। ইউনিভাৰ্ছিটি অব অক্সফোর্ড আৰু ঔষধ প্রস্তুতকাৰক কোম্পানী এস্ট্রাজেনেকাই যৌথভাবে সেইটো তৈয়াৰ কৰিছে। দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ ট্রায়ালত আছে প্রতিষেধকটো। তাত সফল হ’লে আদৰ পুণাৱালাৰ চিৰাম ইনস্টিটিউট অব ইণ্ডিয়া (এছআইআই)ই সেইটো উৎপাদন কৰিব।










