নিউজ ডেক্স:
প্রায় দুদিন পিছত সংবাদ মাধ্যমৰ মুখামুখী হ’ল নির্যাতিতাৰ পৰিয়াল। ন্যায় বিচাৰৰ দাবী তুলি সাংবাদিকৰ আগত তেওঁলোকে এটা এটাকৈ উজাৰি দিলে পুলিচ-প্রশাসনৰ ভূমিকাৰ কথা।
নির্যাতিতাৰ ভাতৃয়ে কয়, “আমি জানিব বিচাৰো, সেইদিনা কাৰ মৃতদেহ পোৰা হৈছিল? আৰু সেইটো যদি মোৰ ভগ্নীৰ হয়, তেতিয়াহ’লে কিয় এনেদৰে পোৰা হ’ল? আমি পুলিচ-প্রশাসন প্রত্যেকৰে ওচৰত আবেদন কৰিছিলো, শেষবাৰৰ বাবে তেওঁক চাব দিয়াৰ।”
সংবাদ মাধ্যমক গাঁৱত প্ৰৱেশৰ অনুমতি দিয়াৰ পিছত মৃত কুৰি বছৰীয়া দলিত কিশোৰীগৰাকীৰ পৰিয়ালে পুলিচ-প্রশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিয়ে। কিশোৰীগৰাকীৰ ভাতৃয়ে সংবাদ সংস্থা এএনআইৰ আগত কয়, “মই পোষ্টমৰ্টেমৰ ৰিপোর্ট চাইছিলো। তেতিয়া তেওঁলোকে কয়, আপোনালোকে ইংৰাজী পঢ়িব নোৱাৰে, পোষ্টমৰ্টেমৰ ৰিপোর্ট বুজি নাপাব।”
একে সময়তে তেওঁ কয়, “শেষ দুদিন ধৰি আমি ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই। আমি এতিয়াও আতঙ্কত আছো। পুলিচ সকলো সময়তে ঘৰৰ ভিতৰত আছে। আমাৰোতো কিছু ব্যক্তিগত বিষয় আছে। কেৱল সেয়াই নহয়, প্রশাসনৰ বিষয়াসকল আহি আমাৰ মোবাইল ফোন দেখুৱাবলৈ কয়। শেহতীয়া দুদিন বাহিৰৰ জগতৰ সৈতে যোগাযোগৰ একমাত্র অৱলম্বন আছিল এইটোৱেই।”










